
ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ উৰিষ্যাৰ সমুদ্ৰতীৰৱৰ্তী পাৰাদ্বীপত তৈল অনুসন্ধান কাৰ্য্যত ব্যস্ত আছিল। সেই সময়ৰ বাস্তৱ কাহিনীৰ সৈতে কল্পনাৰ মিশ্ৰণ ঘটাই তেখেতে ১৯৮৬ চনত লিখা আৰম্ভ কৰিছিল 'অনুৰাধাৰ দেশ'। প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ জনপ্ৰিয়তাৰ তুংগত উঠা এই উপন্যাসখন আজিও অসমীয়া কিতাপ বিক্ৰীৰ অভিলেখৰ শীৰ্ষ তালিকাত অৱস্থিত। তৈলখননৰ পটভূমিত ৰচা বোধকৰোঁ একমাত্ৰ এই উপন্যাসখনে ১৯৯৩ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটাও লাভ কৰিছিল। মানৱীয় বিচাৰ-বুদ্ধি, সহজাত অনুভূতিৰ মাজৰ দ্বন্দ আৰু জীৱনৰ সূক্ষ্ম অথচ বৃহৎ খুটিনাতি উন্মোচন কৰা এই উপন্যাস এইবাৰ এয়া, ষ্টৰীটেলত।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €