
দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা দিল্লী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ অহা ছাত্ৰীসকলৰ বিচিত্ৰ জীৱন যাত্ৰাৰ জীৱন্ত দলিল ড০ মামণি ৰয়ছম গোস্বামীৰ 'অপ্সৰা গৃহ'। বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষাৰ অধ্যাপিকা মামণি বাইদেৱে ইউনিভাৰ্চিটীৰ ছাত্ৰী নিবাসৰ ৱাৰ্ডেন হৈ থাকোতে ওচৰৰ পৰা দেখিবলৈ পাইছিল ভাৰতত বিভিন্ন ঠাইৰ পৰা অহা এই মেধাৱী গাভৰুসকলৰজীৱনৰ বহু অকথিত ঘটনা। যৌনতা, মেধা, নাৰীত্ব, প্ৰেম, বিচ্ছেদ, প্ৰতাৰণা, আঘাত, বন্ধুত্ব- এই সকলো উপাদানেৰে পূৰ্ণ ছাত্ৰী নিবাস যেন এক অপ্সৰা গৃহই! মামণি ৰয়ছমৰ কলম যেন এই ধুনীয়া গাভৰুহঁতৰ জীৱনৰেই কাহিনীকাৰ! 'অপ্সৰা গৃহ' কল্পকথা নহয়, কিন্তু কল্পকথাৰ দৰেই বিচিত্ৰ আৰু মনোগ্ৰাহী।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €
Bester Preis
Ab 3,22 €