
'Keep your face to the sun, You will never see the shadows.' - Hellen Keller পোহৰৰ বাট দেখুৱাই দিয়া এশাৰী বাক্য। কি তাৎপৰ্য থাকিব পাৰে এই বাক্যশাৰীৰ? শৰ্মিষ্ঠা প্ৰীতম! আমাৰ কাৰোৰ অচিনাকি নহয় এই নাম। কিন্তু এই শৰ্মিষ্ঠা প্ৰীতমৰ শৈশৱ কেনে আছিল? আছিল নেকি শৰ্মিষ্ঠা জন্মগতভাৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত? কি হৈছিল শৰ্মিষ্ঠাৰ? কেনেদৰে আৰম্ভ হৈছিল শৰ্মিষ্ঠাৰ জীৱনৰ সেই যন্ত্ৰণাকাতৰ অধ্যায়? শাৰিৰীক যন্ত্ৰনাই কাবু কৰিব পৰা নাছিল শৰ্মিষ্ঠাক। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে আকোৱালি লৈছিল শৰ্মিষ্ঠাই। তাৰ কাৰণে প্ৰয়োজন হৈছিল সাংঘাটিক মানসিক শক্তিৰ। আছিল নে সেই শক্তিৰ অধিকাৰী শৰ্মিষ্ঠা? ক'ৰ পৰা কেনেকৈ আহৰণ কৰিব পাৰিছিল এনে মানসিক শক্তি, যাৰ বাবে আমি আজিৰ শৰ্মিষ্ঠা প্ৰীতমক লগ পালোঁ। যন্ত্ৰণাক সৃষ্টিলৈ ৰূপান্তৰ কৰে শৰ্মিষ্ঠাই। কিন্তু কেনেকৈ ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ ২০১২ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত আত্মজীৱনীমূলক গ্ৰন্থ 'আত্মকথা'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €