
দেৱব্ৰত আৰু পত্নী বিনীতা। এদিন পুৱা শুই উঠাৰ পিছতে দুয়োৰে মাজত সৰু সুৰা তৰ্ক আৰম্ভ হয় আৰু তাৰ পিছতে দেৱব্ৰত ঘৰৰ পৰা ওলাই যায়। প্ৰথম অৱস্থাত বিনীতাই কথাবোৰ বৰ বেছি চিন্তা কৰা নাছিল। কাৰণ দেৱব্ৰতে মাজে মাজে তেনে কৰে। কিন্তু কথাবোৰ এইবাৰ তেনেকুৱা নাছিল। দেৱব্ৰত ঘূৰি অহা নাছিল। বহুত বিচাৰ কৰিও দেৱব্ৰতৰ কোনো খবৰ পোৱা নগ'ল। চিন্তাত জুৰলি জুপুৰি বিনীতা। ক'ত গ'ল দেৱব্ৰত। অন্যহাতেদি এখন নাৰ্ছিং হোমত এজন লোক। কোন তেওঁ? কিয় তেওঁ এই নাৰ্চিং হোমত। নিজৰ শৰীৰৰ ওপৰত চকু ফুৰাই উচপ খাই উঠিল তেওঁ। তেওঁৰ হাত দুখন মসৃণ কেনেকৈ হ'ল? তেওঁৰ হাতত প্ৰচুৰ নোম আছিল। ভৰি দুখনৰ হ'ল কি? এশ এবুৰি প্ৰশ্ন। সেই ব্যক্তিয়ে নাৰ্চিং হোমৰ পৰা ওলাই উপস্থিত হয়গৈ বিনীতাৰ কাষত। কিন্তু কিয়? তেওঁ কয় যে দেৱব্ৰতে তেওঁক বিনীতাৰ কাষলৈ পঠিয়াইছে। আচৰিত হয় বিনীতা। ক'ত আছে দেৱব্ৰত? কিয় এজন অচিনাকি মানুহক বিনীতাৰ কাষলৈ পঠিয়ালে। এক ৰহস্যময় খেল যেন কথাবোৰ। মৃত্যু শৰ্য্যাত শুই পৰা এটি সুস্থ সুন্দৰ দেহত আন এক দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিৰ সুস্থ মস্তিষ্ক যোগ কৰি পাৰিনে এজন নিটোল মানুহক জীৱন্ত কৰি তুলিব?এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ৰহস্য উপন্যাস 'দৰ্পণত কাৰ মুখ'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €