
১৯৪৭ খ্ৰীষ্টাব্দ। কানিয়ে কংকালসাৰ কৰি পেলোৱা আৰু কানিৰ বাবে হাবাথুৰি খাই ফুৰা কিছু ঘৃণা উদ্ৰেককাৰী চৰিত্ৰৰ এছোৱা সময়। আমৰঙা সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ যোগ্য পুত্ৰ ইন্দ্ৰনাথৰ নাকত সুৰসুৰণি তোলা কানিৰ ধোঁৱাই তেওঁৰ মনত সদায় গভীৰ হতাশাৰ উদ্ৰেক কৰে। আশাহীনতাত বন্দী হৈ পৰে নেকি বাৰু তেওঁ? আতংক উত্তেজনা, হতাশা আৰু আনন্দৰ মিশ্ৰিত কিছু কথকতা। এফালে বন বিৰিখৰে ওপচা প্ৰকৃতি আৰু সজীৱ ফুল, আনফালে সত্ৰৰ লেতেৰা, ভোকাতুৰ, দুৰ্গন্ধময় দেহাৰ দাস দাসী। মনোমোহা জগলীয়া নৈৰ হঠাতে হৈ পৰা বিষাক্ত সাপৰ দৰে অৱস্থা। ৰজাদিনীয়া আমৰঙা সত্ৰৰ আৰু সমকালীন সমাজখনৰ অৱক্ষয়ৰ কাৰণ কি আছিল? সত্ৰৰ অধিকাৰৰ দুগৰাকী বিধবা জীয়েক দুৰ্গা আৰু গিৰিৱালা ঘৰলৈ ঘূৰি আহে। শিক্ষিত পুত্ৰ ইন্দ্ৰনাথ ক্ৰমাৎ নৈৰাশ্য আৰু বেদনাত জৰ্জৰিত হৈ পৰে। দুখীয়া ব্ৰাহ্মণ কন্যা ইলিমনৰ প্ৰতি আকৰ্ষিত ইন্দ্ৰনাথ। অথচ তাৰ সন্মুখত প্ৰচণ্ড বাধা। সকলো বাধা নেওচি মাৰ্ক চাহাবৰ ওচৰত গিৰিৱালাৰ প্ৰেম নিবেদন। পুৰণিকলীয়া ৰীতি-নীতিক ভৰিৰে ঠেলি গিৰিৱালাৰ মাংস ভক্ষণ। শেষত জুইত জাপ দি গিৰিৱালাৰ মৃত্যু। এই সকলোখিনি দেখি মনৰ যন্ত্ৰনা বাঢ়ি যায় ইন্দ্ৰনাথৰ। পিতাকৰ দিনৰে পৰা থকা সত্ৰৰ পোহনীয়া ভাটিখোলা হাতী জগন্নাথক গুলিয়াই মাৰিবলৈ অহা অৰ্ডাৰে অশান্তি সৃষ্টি কৰিছিল ইন্দ্ৰনাথৰ মনত। কোনো কাৰণতে জগন্নাথক গুলিয়াই মৰাৰ কথা ভাবিব পৰা নাছিল। কিন্তু জগন্নাথক বচাব পাৰিলে নে ইন্দ্ৰনাথে? ইন্দ্ৰনাথৰে বা শেষ মুহূৰ্তত কি হ'লগৈ?এই সকলোখিনি জানিবলৈ' ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা', জনপ্ৰিয় অভিনয় শিল্পী চেতনা দাসৰ কণ্ঠত।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €
Bester Preis
Ab 13,37 €