
হাচান আহমদ চাহাবে সৰুকৈ আৰম্ভ কৰা জীলি প্ৰকাশনীৰ বৰ্তমানৰ স্বত্বাধিকাৰী হাচান চাহাবৰ পুত্ৰ আহমদ। জীলি প্ৰকাশনীয়ে মূলত জীৱনী উপন্যাস, নাটক আৰু কাব্য সাহিত্যহে প্ৰকাশ কৰে। এই জীলি প্ৰকাশনীৰ স্বত্বাধিকাৰ আহমদে মন মেলিলে এখন জীৱনী প্ৰকাশ কৰিবলৈ আৰু তাৰ দায়িত্ব দিলে তেওঁৰ প্ৰিয় ৰেজা কৰিমক। জীৱনী হ'ল বিখ্যাত বিজ্ঞানী ডঃ অৰুণাভৰ, যিজনৰ কিছুদিনৰ পূৰ্বে মৃত্যু হৈছিল। আহমদে ডঃ অৰুণাভৰ জীৱনী প্ৰকাশ কৰিবই যে সেই কথা ৰেজা কৰিমক বুজাই দি তথ্য সংগ্ৰহ কৰিবলৈ ক'লে। ডঃ অৰুণাভৰ জীৱনী লিখিবলৈ ৰেজা কৰিম নামি পৰে তথ্য সন্ধানত আৰু তেতিয়াই উদ্ভাসিত হৈ গৈ থাকে কিছু ৰহস্য। ডঃ অৰুণাভৰ জীৱনৰ কিছু তথ্য সংগ্ৰহ কৰিবলৈ গৈ ৰেজা কৰিমে লগ পায় আহমদৰ ভায়েক মাচুমক। আৰু লগ পায় ডঃ অৰুণাভৰ কেৰাণী কাম কৰা গৌতমক। অভাৱনীয় ভাৱে ৰেজা কৰিমৰ সন্মুখলৈ আহে কিছু নাম, কিছু মানুহ। দুষ্মন্ত, উত্তৰা দেৱী, মেৰী, মীৰা, শেৱালি, বসন্ত, যোচেফ। এই প্ৰতিটো নামেই ওতঃপ্ৰোত ভাৱে জড়িত আছিল ডঃ অৰুণাভৰ লগত। তাৰে কাৰোবাক যদি ৰেজা কৰিমে লগ পাইছিল, কোনোবাজন হয়তো ঢুকাইছিল। ডঃ অৰুণাভৰ তথ্য সংগ্ৰহ কৰিবলৈ গৈ এক আচৰিত চক্ৰবেহুত সোমাই পৰিছিল ৰেজা কৰিম। উত্তৰা দেৱী ডঃ অৰুণাভৰ পত্নী আছিল। তেন্তে কোন আছিল শেৱালি? মেৰী কোন? আৰু মীৰা? মাচুমৰ লগতেই বা ডঃ অৰুণাভৰ কি সম্পৰ্ক আছিল? সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰিলেনে ৰেজা কৰিমে? ডঃ অৰুণাভৰ জীৱনী লেখা হ'ল গৈ নে? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক উপন্যাস সম্ৰাট চৈয়দ আব্দুল মালিকৰ জনপ্ৰিয় উপন্যাস 'ডঃ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী'।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.