
'মোৰ গৰ্ভত এতিয়া তেওঁৰ নকল প্ৰেমৰ চিন। মই বাধ্য হৈ আপোনাৰ আশ্ৰয় লৈছো। এই মাতৃত্ব মোক নালাগে। কাপুৰুষৰ চিন পৃথিৱীলৈ আহিবলৈ নিদিওঁ।'- কথাখিনি কৈ আমেৰিকান মূলৰ যুৱতী লিজা কান্দোনত ভাগি পৰিছিল। প্ৰেমৰ অভিনয়েৰে বিয়া পাতি নিঠৰুৱা কৰি এৰি অহা স্বামীক বিচাৰি লিজা আৰু বান্ধৱী ৰিচা অসম পাইছিলহি। কিন্তু অসমত অহাৰ পিছতে যেন সলনি হ'ল কিছু কথা। ইটোৰ পিছত সিটোকৈ হোৱা হত্যাৰ ঘটনাই গুৱাহাটী চহৰক উত্তাল কৰি তুলিলে। প্ৰায় প্ৰতি নিশাই এজনকৈ সুদৰ্শন যুৱকৰ হত্যা। কিন্তু হত্যাকাৰী কোন? এই হত্যাৰ পম খেদি ডিটেকটিভ দেৱজিত ফুকন গৈ ওলাইগৈ লিজা আৰু ৰিচাৰ ওচৰত। সন্দেহৰ আঙুলি উঠে লিজালৈ। কিন্তু...? ভীত সন্ধ্যাই নিশাটোক প্ৰশ্ন কৰি উঠে এইবাৰ কাৰ পাল? কিন্তু নিশাই নাজানে তাৰ উত্তৰ। তাৰ পিছৰ কাহিনী কি? এই সকলোখিনি জানিবলৈ ষ্টৰীটেলযোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'এইবাৰ কাৰ পাল'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €