
এজন বয়সস্থ লোকৰ মৃত্যুত তেওঁৰ দাহ কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে গাঁৱৰ কিছু ডেকাৰ চকুত পৰে এজোপা আম। পুহমহীয়া শীতকো নেওচি আম জোপাই মলিওৱা দৃশ্য গাঁৱখনৰ বাবে বিৰল দৃষ্টি হৈ পৰে। কাৰোবাৰ মতে ই অমংগলৰ চিন। আন কাৰোবাৰ মতে আকৌ এই জোপা বাৰমহীয়া আম গছ। সেই বয়সস্থ লোকজন আছিল এজন প্ৰখ্যাত কবি। সৰুৰে পৰাই অলপ বেলেগ স্বভাৱৰ আছিল সেই কবি। এদিন সৰুতে তেওঁৰ মন গ'ল মজিয়াত বিচনা কৰি শুই থকা ঘৰৰ বনকৰা ছোৱালী মাখনীৰ কাষত শুবলৈ। বৰ বিশেষ একো চিন্তা নকৰি তেওঁ তাইৰ কাষতে শুই পৰিল। সময় বাগৰিছিল। শিশুৰ পৰা কিশোৰ হোৱা সেই কবি এদিন পুনৰ শুইছিল মাখনীৰ কাষত। মাখনীৰ বুকুৰ মাজত তেওঁ যেন পকা আমৰ গোন্ধ পাইছিল। সেই গোন্ধে তেওঁক টানিছিল। কিন্তু সেইয়া কি আছিল তেওঁ বুজিব পৰা নাছিল। এদিন মাখনী হেৰাই গৈছিল তেওঁৰ কাষৰ পৰা। মাকৰ বাবে তেওঁ বিবাহ কৰিছিল অন্য এগৰাকীক। সাংসাৰিক হৈছিল তেওঁ। কিন্তু পাহৰিব পৰা নাছিল সেই পকা আমৰ গোন্ধ। আৰু এবাৰ হঠাতে লগ পালে মাখনীক। তাৰ পিছত...? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম'।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
* Affiliate-Link — kein Mehrpreis für dich.