
প্ৰখ্যাত প্ৰত্নতত্ত্ববিদ অধ্যাপক মাণিক বৰুৱা। কুণ্ডিল ৰাজকণ্যা ৰুক্মিণীৰ স্বৰ্ণমন্দিৰ উদ্ধাৰৰ উদ্দেশ্য লৈ এটা দল লৈ আগবাঢ়িল পাটকাই পৰ্বত অভিমুখে। যোৱাৰ আগতে তেওঁ মৰমৰ জীয়েক সোণালী আৰু প্ৰিয় ছাত্ৰ শান্তনুক কৈ গৈছিল যে আগন্তক ৬ মাহৰ ভিতৰত তেওঁ ঘূৰি আহিব আৰু ঘূৰি নাহিলে তেওঁলোকে মাণিক বৰুৱাৰ অনুসন্ধানত নামিব। সময় বাগৰে। ৬ মাহ সময় ওকলি যায়। কিন্তু মাণিক বৰুৱাৰ কোনো খবৰ নাপায় সোণালীয়ে। অৱশেষত সোণালী, শান্তনু, সমৰ, ভাৰ্গৱ, পুলস্ত্য, অশোক আদিকে ধৰি এটা দল নামি পৰে মাণিক বৰুৱাৰ সন্ধানত। সোণালীৰ ওচৰত থকা মেপখনৰ কপি হাতত লৈ তেওঁলোক যেতিয়া পাটকাই পৰ্বতৰ দিশে আগবাঢ়ে তেতিয়া তেওঁলোকে বুজি উঠে যে এই পথ কিমান বেছি দুৰ্গম। সোণালীক ভাল পায় শান্তনুৱে। কিন্তু সোণালীয়ে ভাল পাই সমৰক। সমৰ আৰু সোণালীৰ মাজত থকা সম্পৰ্কৰ কথা শান্তনুৱে জানে। বুকুত বিষ এটা লৈ শান্তনু যায় সিঁহতৰ সৈতে কাৰণ তাৰ গুৰুৰ অনুসন্ধান কৰাৰ দায়িত্ব থাকে তাৰ কান্ধত। যাত্ৰা পথত সন্মুখীন হোৱা ভয়ঙ্কৰ অভিজ্ঞতাৰ লগতে কিছু জনজাতীয় লোকৰ পৰা সিঁহতে জানিব পাৰে যে পাহাৰৰ সিপাৰে আছে মৃত্যুৰ ভয়ানক শীতল কোলা। সেই লোকসকলৰ মতে তালৈ গ'লে কোনো ঘূৰি আহিব নোৱাৰে। কিন্তু তাত আছে কি? মাণিক বৰুৱাৰ দল তালৈ গৈছিল? কি হ'ল তেওঁলোকৰ? সেই ৰহস্য উদ্ঘাটন কৰিবলৈ শান্তনুহঁতৰ দলটোৱে পাহাৰটোৰ সিপাৰলৈ যোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছতে আৰম্ভ হয় ৰহস্যৰ। কি এই ৰহস্য? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'হিংস্ৰ নখৰ'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Bester Preis
Ab 13,37 €