
ভাস্বতী, এডকন ক্ৰিয়েটিভ নামৰ এডভাৰটাইজিং কোম্পানীৰ নতুন কৰ্মচাৰী। ব্যস্ত জীৱন এটা বিচাৰি ভাস্বতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিজ্ঞাপন জগতখনৰ বিষয়ে ভাস্বতীৰ জ্ঞান আছিল একেবাৰে নগন্য। কিন্তু তাত ভৰি দিয়াৰ পিছত তাই যেন এখন নতুন জগতত খোজ পলালে। এখন নতুন পৃথিৱী, যিখন পৃথিৱীৰ নগ্ন ছবিয়ে কেতিয়াবা ভাস্বতীক অস্বস্তিকৰ পৰিবেশত পেলাই দিয়ে। ইফালে তাইৰ প্ৰিয় পুৰুষ প্ৰয়াগ। তাইৰ স্বামী প্ৰয়াগ যেন সলনি হৈছে দিনে দিনে। কি হৈছে কিয় হৈছে সকলো বুজি উঠে ভাস্বতীয়ে। অভিমান হয় মুহূৰ্তৰ বাবে। কিন্তু পুনৰ সম্ভালি লয় নিজক। এইখন জগততে তাই লগ পাই মায়াক, যিয়ে পেটৰ ভাত মুঠিৰ বাবে কেতিয়াবা নিজৰ ডিঙিয়ে মুখে লৈ আহিব লগা হয় কোনো কামুক বুঢ়াৰ নৃশংস চিন। লগ পাই মহুৱাক, যাৰ বিষয়ে সকলোৱে কয় চৰিত্ৰহীন বুলি। অথচ আছিল জানো মহুৱা চৰিত্ৰহীন? আৰু চিন্ময়..। চিন্ময়ৰ প্ৰতি ভাস্বতীয়ে অনুভৱ কৰিছিল নেকি কোনো এক পলত দুৰ্বলতা? কি হ'ল ভাস্বতী আৰু প্ৰয়াগৰ? জীৱনৰ প্ৰতিটো কথা জানোঁ বিজ্ঞাপন হয়? হৃদয়ৰ বিজ্ঞাপন দিব পাৰে নে? এই সকলোখিনি জানিবলৈ ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'হৃদয় এক বিজ্ঞাপন'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €