
ভ্ৰমণপ্ৰিয় নাৰী ৰাজাৱালা। ১৯৮৫ চনৰ ১৫ মেৰ দিনা ট্ৰেভেল কৰ্পৰেশ্বনৰ পৰা ইউৰোপ ভ্ৰমণৰ কনফৰ্মেশ্বন পাই আনন্দ মনেৰে তেওঁৰ বন্ধু গুলছন ৰাজভীক খবৰ দিবলৈ যাওঁতেই আদবাটতে লাগিছিল হুলস্থুল। গোষ্ঠীগত সংঘৰ্ষ। শিখ আৰু হিন্দুৰ মাজত। কথমপি নিজৰ প্ৰাণটো লৈ ৰাজাৱালা বাচি আহিছিল শিখ যুৱক হৰনাম সিং মাস্তানাৰ সহায়ত। ভ্ৰমণ আৰম্ভ হৈছিল। লগত আছিল অন্যান্য বহু কেইজন যাত্ৰী। দিল্লীৰ বিখ্যাত ব্যৱসায়ী দয়ানন্দ কাপুৰৰ লগত পুত্ৰ অনুপ, দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জৰ্জ কানিংহামকে ধৰি বহুকেইজন যাত্ৰী। ট্যুৰ লীডাৰ আছিল ইস্মাইল চাহাব। এই যাত্ৰাত ৰাজাৱালাৰ লগ হৈছিল হৰনাম সিং মাস্তানাও। সুন্দৰকৈ আৰম্ভ হৈছিল যাত্ৰা। কিন্তু কথাবোৰ সুন্দৰ হৈ থকা নাছিল। হৰনাম সিং মাস্তানাক বহুতে উগ্ৰপন্থী বুলি দাবী কৰিছিল। অৱশ্যে তাৰ থলো আছিল বহুত। হৰনাম সিঙৰ কৰ্ম কাণ্ডই বহু নভবা কথা ভাবিবলৈ বাধ্য কৰিছিল। এসময়ত এই ভ্ৰমণ সমাপ্ত হৈছিল। কিন্তু সফল আছিল নে ৰাজাৱালা দেৱীৰ এই ভ্ৰমণ? কি হ'ল হৰনাম সিং মাস্তানাৰ? সঁচাকৈয়ে বাৰু আছিল নেকি তেওঁ উগ্ৰপন্থী সংগঠনৰ সদস্য? গোষ্ঠীগত সংঘৰ্ষই কি দৰে প্ৰভাৱ পেলাইছিল এই ভ্ৰমণত? জানিবলৈ শুনক জ্ঞানপীঠ বঁটা প্ৰাপক সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস 'জখমী যাত্ৰী', একমাত্ৰ ষ্টৰীটেলত।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €