
সন্ত্ৰাসবাদৰ পৰা ব্যক্তি-জীৱনলৈকে ভিন্ন বিষয়বস্তু লৈ সৃষ্টি হোৱা এখনি উপন্যাসিকা আৰু এমুঠি গল্প। এই গল্প সমূহৰ ভিতৰত আছে সমাজ জীৱনৰ বিচিত্ৰ আৰু আকৰ্ষণীয় কাহিনী কথন। এফালে বিশ্বায়নৰ মুকলি বতাহ, আনহাতে সামন্তীয় শক্তিসমূহৰ উত্থান, এফালে গণতন্ত্ৰৰ জয়জয়কাৰ, আনফালে সন্ত্ৰাসৰ দপদপনি, এফালে নাৰীমুক্তিৰ চেতনাৰ প্ৰসাৰ, আনহাতে নাৰী নিপীড়নৰ নিষ্ঠুৰ ছবি। এই সকলোৰে মাজতে যেন কেতিয়াবা বাজি উঠিছে এটা প্ৰতিবাদৰ সুৰ। সেই প্ৰতিবাদ কেতিয়াবা যদি সৰৱ, কেতিয়াবা আকৌ হৈ পৰে অনুচ্চ, ঠিক জলতৰঙ্গৰ সুৰৰ দৰে। বাস্তৱ অভিজ্ঞতাৰ সৈতে সজীৱ কল্পনা, সূক্ষ্ম সংবেদনশীলতা আৰু কাব্যিক অনুভূতিশীলতাৰ সংমিশ্ৰণে গল্পসমূহৰ আবেদন বৃদ্ধি কৰিছে। প্ৰখ্যাত সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ 'জলতৰঙ্গৰ সুৰ' এইবাৰ শুনক ষ্টৰীটেলত।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €
Ab 10,00 €