
স্বামী অনুপলৰ ওপৰত হঠাতে কিয় জানো বিপাশাৰ অলপ সন্দেহ উপজিল। সাংসদ স্বামী অনুপল যেন কিবা দেশদ্ৰোহী কামত সংযুক্ত হৈছে। মনৰ দোধোৰ মোধোৰ অৱস্থাত নিজকে সংযত কৰিব নোৱাৰি বিপাশাই বান্ধবী পূৰ্বাক কথাখিনি কয়। পূৰ্বাই আকৌ কাণ চুৱাই তাৰ বন্ধু ৰূপম আৰু ডি এছ পি সুৰজিত বৰুৱাক। সৰু কথা এটাকে পুলিচৰ আগত কোৱাত আচৰিত হয় বিপাশা। তাতোতকৈয়ো বেছি আচৰিত হয় যেতিয়া জানে যে পূৰ্বা আৰু ৰূপম প্ৰাইভেট ডিটেকটিভ। যিয়ে নহওঁক বিপাশাৰ কথাৰ আঁত ধৰিয়ে সুৰজিতৰ দলে কৰায়ত্ব কৰে এটা দেশদ্ৰোহী দলক। কিন্তু হাত দীঘল মানুহ হোৱাৰ বাবে সেই দলটো বাচি যায়। আৰু এদিন কোনো দুৰ্বৃত্তই সুৰজিত বৰুৱাক ঘৰতে হত্যা কৰি যায়। এই হত্যাৰ প্ৰতিশোধ লবলৈ সুৰজিতৰ পত্নীয়ে পুনৰ পুলিচৰ চাকৰিত জইন কৰে। তাৰ মাজতে নিখোজ হয় বিপাশা। কিন্তু কোনে অপহৰণ কৰে বিপাশাক? অনুপলে? নে নৰেন্দ্ৰ গোঁহাই? কোন এই নৰেন্দ্ৰ গোঁহাই? বিপাশাৰ সন্ধান পালে নে? সুৰজিতৰ পত্নীয়ে ল'ব পাৰিলে নে পতিহন্তাৰ প্ৰতিশোধ? দেশদ্ৰোহী দলটোক কৰায়ত্ব কৰাত আৰক্ষী সফল হ'ল নে? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'কুঁৱলীৰ আঁৰত সোণালী কাঁড়'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €
Ab 15,00 €