
অৰূপা পটংগীয়া কলিতাৰ গল্প মানেই সামাজিক মানুহ, সমাজে আঁতৰ কৰা মানুহ। বিশ্বায়নৰ ফলত অহা পৰিৱৰ্তনৰ ধামখুমীয়াত বিপৰ্যস্ত, বিপন্ন, ক্লিষ্ট মানুহৰ কাহিনী মৰ্মস্পৰ্শী ভাষাৰে বৰ্ণনা কৰিছে সমাজ আৰু ইতিহাস সচেতন সাহিত্যিক গৰাকীয়ে। একাকীত্ব, স্বাৰ্থপৰতা, ক্ৰমশঃ বিলীয়মান মানবীয়তা, পাৰিবাৰিক সম্পৰ্ক ইত্যাদি বিভিন্ন সমস্যাক আবেগেৰে প্ৰকাশ কৰা ১০ টা ভিন্নস্বাদৰ গল্পৰ সমষ্টি । এই গল্পসমূহত কি আছে জানিবলৈ ষ্টৰীটেলৰ যোগেদি শুনক অৰূপা পটংগীয়া কলিতাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গল্প সংকলন 'মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা'। পাঠ কৰিছে দেৱাঞ্জনা বৈশ্যই।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Ab 10,00 €