
নিশাৰ আন্ধাৰৰ ৰজা ৰাজেন। পিতৃ-মাতৃ পৰিচয়হীন ৰাজেনে নিশাৰ পথিকক চুৰি, ডকাইতি কিম্বা লাঞ্ছনা দি জীৱন নিৰ্বাহ কৰে। তাৰ ঠিকনা এটা বস্তি। সেই বস্তিতে থাকে নাৰায়ণ নামেৰে তাৰ এজন বন্ধু যাৰ জীৱিকা কিন্তু ৰাজেনৰ দৰে নহয়। এখন দোকান আছে নাৰয়ণৰ। ৰাজেনৰ কোঠাৰ ওচৰতে থাকে গিৰিয়েকৰ ঘৰৰ পৰা ঘূৰি অহা ৰেজীয়া। জীৱনবোৰ চলি থাকে তেনেকৈয়ে। কিন্তু হঠাৎ সলনি হৈ পৰে ৰাজেন, ৰেজীয়া আৰু নাৰায়ণৰ জীৱন। তাৰ কাৰণ হ'ল উৎপলা। কিন্তু কোন এই উৎপলা? উৎপলাৰ বাবে কিয় সলনি হৈ পৰিল বস্তিবাসী ৰাজেন, ৰেজীয়া আৰু নাৰায়ণ? কিয় উৎপলাক লৈ সপোন আৰম্ভ হ'ল ৰাজেনৰ? সেই সপোনে কেনেকৈ সলনি কৰি পেলালে ৰেজীয়াৰ জীৱন? উৎপলাকে বা কিয় নৰকৰ ফুল ৰূপে অভিহিত কৰা হ'ল? অবৈধ মাতৃত্বৰ বোজা লৈ সহজ নে এইখন সমাজত মূৰ তুলি জীয়াই থকাটো? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'নৰকৰ ফুল'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €
Ab 11,00 €