
কলেজৰ বন্ধু-বান্ধৱীৰ সৈতে পিকনিকলৈ যায় বনানী। মাকে বহুতবাৰ মানা কৰে যদিও ককায়েক অনুলে তাইক যাবলৈ অনুমতি দিয়ে। অনুলে মাককো বুজাই যে বনানী পিকনিকলৈ গ'লে একো নহয়। কিন্তু সেই পিকনিকেই যেন কাল হৈ আহিছিল বনানীৰ জীৱনলৈ। পিকনিকৰ পৰা অহাৰ পিছত বনানীয়ে আত্মহত্যা কৰিলে। নোটপেডত লিখি থৈ গ'ল অনুলৰ বন্ধু কুন্তল, ত্ৰিনয়ন আৰু অলকৰ নাম। কিন্তু কিয়? বনানীৰ মৃত্যুৱে অনল আৰু মাকৰ মনত বৰ দকৈ আঘাট কৰিলে। সেই আঘাটে দুয়োকে সাংঘাটিক কষ্ট দিবলৈ ধৰিলে। কিন্তু সমস্যা তাতে শেষ নহ'ল। তাৰ দুদিনমানৰ পিছত পুনৰ সংঘটিত হ'ল এক হত্যাকাণ্ড। এইবাৰ হত্যাৰ বলি হ'ল কুন্তলৰ ভনীয়েক ময়ুৰী। মাথোঁ হত্যা নহয়। পাশৱিক অত্যাচাৰ, ধৰ্ষণ, হত্যা। সেই হত্যাৰ পুং বিচাৰি অভিযানত নামে ডিটেকটিভ দেৱজিত ফুকন। কিন্তু তাৰ পিছত আকৌ এটা হত্যা। লাহে লাহে বাঢ়ি যায় অপৰাধৰ সংখ্যা। সন্দেহৰ আঙুলি উঠে অনুললৈ। কিন্তু অনুলৰ চৰিত্ৰ ইমান ভয়াবহ নহয়। তেন্তে। কোন এই হত্যাৰ নায়ক? কি হ'ল অনুলৰ? আৰু কুন্তলহঁতৰ? কি কৰিছিল সিহঁতে বনানীৰ লগত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'অতল গহ্বৰৰ অৱসাদ'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Bester Preis
Ab 24,00 €