
ৰঞ্জু হাজৰিকাদেৱৰ 'প্ৰেত প্ৰহৰী' দুখন হ'ৰৰ উপন্যাসৰ সমষ্টি । 'মৃত্যু শীতল নীৰৱ হিমাচল' আৰু 'আঁউসীৰ আততায়ী'। দুয়োটা কাহিনীয়েই অপাৰ্থিৱ অদ্ভুত তথা প্ৰচণ্ড ভয় আৰু মৃত্যুৰ অতি প্ৰাকৃত কাহিনী। প্ৰথম উপন্যাসখনিত বৰ্ণিত হৈছে পুণ্যতীৰ্থ হিমালয়ৰ শুভ্ৰ বৰফৰ ওপৰত লাগি থকা ৰঙা তেজৰ কথা...শীতল মৃত্যুৰ কথা ! মৃত্যুৰ বিভীষিকা প্ৰতি পদে পদে অভিযাত্ৰী দলটোৰ...! উদ্বেগ, উত্কণ্ঠা প্ৰতি খোজত...!অজান আতংক আৰু ভয়াল শিহৰণে কঁপাই তুলিছিল অভিযাত্ৰী অশোক, কণিষ্ক, সিদ্ধাৰ্থ, সমুদ্ৰ, বিক্ৰম আৰু বন্দনাক। হিমালয়ৰ এই যাত্ৰাত কেনেকৈ তেওঁলোকৰ মাজৰ পৰা এজন এজনকৈ বন্ধুৱে প্ৰাণ হেৰুৱাব লগা হয় তাৰেই শিহৰণকাৰী বৰ্ণনা লেখকে দি গৈছে। কিন্তু অশোকৰ পত্নী বন্দনাৰ অৱশেষত কি হয়গৈ, সেইকথা জানিবলৈ আপোনালোকে শুনিব লাগিব উপন্যাসখনি। 'আঁউসীৰ আততায়ী' ত লেখকে সৰোজ আৰু সাগৰিকাৰ এক কৰুণ তথা শিহৰণকাৰী কাহিনী বৰ্ণনা কৰিছে। য'ত সৰোজে গৰ্ভৱতী ভগ্নী সাগৰিকাক তাইৰ স্বামী অম্বৰৰ কৰ্মস্থলী বাণশিৰীলৈ থ'বলৈ আহোঁতে মুখামুখী হোৱা ভয়ানক তথা ৰহস্যময় অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। সেইনিশা অাঁউসী আছিল...বাণশিৰীলৈ যোৱাৰ পথতেই সাগৰিকা আৰু সৰোজে যি এক গা শিৰশিৰাই যোৱা মৃত্যু বিভীষিকাময় অভিজ্ঞতাৰ সন্মুখীন হৈছিল সেইকথা পাঠকসকলে উপন্যাসখনি পঢ়িলেহে অনুভৱ কৰিব পাৰিব! গতিকে আহক আমি সকলোৱে একেলগে শুনোঁ 'ষ্টৰীটেল অসমীয়া'ত উপলব্ধ ৰঞ্জু হাজৰিকাদেৱৰ 'প্ৰেত প্ৰহৰী' শীৰ্ষক উপন্যাসখন...ধন্যবাদ ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Bester Preis
Ab 24,00 €