
পুলিচ অফিচাৰ দেৱজিত ফুকন,ৰহস্য লেখক পৰাশৰ চৌধুৰী আৰু প্ৰাইভেট ডিটেকটিভ্ অমলকৃষ্ণ হাজৰিকা- তিনিও বাল্যবন্ধুৰ সুদীৰ্ঘ ষোল্লটা বছৰৰ অন্তত হ'ল আকস্মিক পুনৰমিলন ।এনেদৰে অতীতৰ চিনাকী সুহুৰি বিচাৰি পৰিয়ালৰ সৈতে তিনিও গ'ল আপোন মোনাবাৰী চাহবাগিছালৈ ।কিন্তু তাৰ পিছত ?? কি আছিল মোনাবাৰীত ? কিয় মোনাবাৰীত আত্মহত্যা কৰিবলগা হ'ল বিখ্যাত ৰহস্য লেখক পৰাশৰ চৌধুৰী ? কোন আছিল অনিতা ? কি সম্পৰ্ক আছিল অনিতাৰ সৈতে পৰাশৰ চৌধুৰীৰ ?আনহাতে কোন আছিল ডাক্টৰ পৰাশৰ চৌধুৰী ? লেখক পৰাশৰ চৌধুৰীৰ মৃত্যু আৰু তাৰ মাজত লুকাই থকা গভীৰ ৰহস্যময়তাৰ ৰহস্যভেদ পুলিচ অফিচাৰ দেৱজিত ফুকন আৰু প্ৰাইভেট ডিটেকটিভ্ অমলকৃষ্ণ হাজৰিকাৰ বাবে আছিল কিমান সহজসাধ্য আৰু স্বাভাৱিক ?...এনেদৰেই ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস 'স্নায়ুৰ লালসা'ত বৰ্ণিত ৰহস্যৰ আঁৰত থকা তৃতীয় গভীৰতাই গ্ৰন্থখনক ক্ৰমাৎ আকৰ্ষণীয় আৰু উপভোগ্য কৰি তুলিছে ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €