
'সোণালী ঈগলে কণী পাৰিলে বেলিয়ে উমনি দিলে ' শীৰ্ষক গল্প-সংকলনখনি অৰূপা পটঙ্গীয়া কলিতাৰ এক অনুপম সৃষ্টি। গল্পসমূহে পাঠকৰ মন ভৰাই তোলে, আলোড়িত কৰে, চিনাকি পৃথিৱীখন নতুনকৈ চিনাকি কৰি দিয়ে, মানুহৰ মনত ছয়াময়া হৈ ধৰা দিয়া অনুভূতিবোৰক গাঢ়তা দান কৰে আৰু সেইবোৰ পাঠকৰ গভীৰ উপলব্ধিৰ অংগ হৈ পৰে। গল্পসমূহ বিষয়বস্তুৰ বৈচিত্ৰ্য, আংগিক আৰু বিষয়বস্তুৰ সুষমতা, চিন্তাৰ আধুনিকতা আৰু বলিষ্ঠতা আৰু বাস্তৱ অভিজ্ঞতা আৰু ইতিহাস চেতনা প্ৰসূত সৃষ্টিশীলতাৰ দ্বাৰা প্ৰাণিত আৰু সঞ্জীৱিত । প্ৰেমৰ গল্পও আছে সংকলনখনত , কিন্তু শ্ৰেণী সমাজত পাহুৱাল ডেকাৰ প্ৰেমানুভূতিৰ প্ৰকাশ হয় এটা দীঘল হুমুনিয়াহ বা এটা কলিজা বিদাৰি যোৱা নীৰৱ অন্তহীন অকলশৰীয়া অপেক্ষাৰ মাজেৰে।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Ab 10,00 €