
ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস 'দুচকুত তেজৰ খেলা' ত লেখকে দুগৰাকী যমজ ভগ্নী, ময়ূৰিকা আৰু সৌমিতাৰ এটি জীৱন কাহিনী বৰ্ণনা কৰিছে অতি সুন্দৰ ৰূপত। একেগৰাকী মাতৃৰ ঔৰসৰ পৰা একেটা সময়তে দুয়ো ভগ্নীৰ জন্ম হ'লেও দুয়োৰে ভাগ্য কিন্তু সম্পূৰ্ণ বিপৰীত...স্বামী সৰিতৰ সৈতে ময়ূৰিকাৰ এক সুখৰ সংসাৰ আনহাতে সৌমিতাৰ বিবাহ এনে এজন দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে হৈছিল যাৰ সতে বিয়াৰ পিছত দুটা দিনো তাই শান্তিৰে থাকিব নোৱাৰিলে... আইনী প্ৰক্ৰিয়াৰ মাজেৰে অতি কম সময়ৰ ভিতৰতে দুয়োৰে মাজত বিবাহ বিচ্ছেদো ঘটিল...কিন্তু সৌমিতাৰ সমস্যা তথা কৰুণ কাহিনী তাতেই অন্ত নপৰিল। এইবোৰ দেখি-শুনি ময়ূৰিকাই 'মাসাৰদা'ৰ আশ্ৰমলৈ গৈ মা'ৰ পৰা আশীৰ্বাদ বিচাৰি গ'ল। মা'য়ে সৌমিতাৰ ভবিষ্যতৰ দিনবোৰ অতি সুন্দৰ আৰু ময়ূৰিকাৰ জীৱনলৈহে অমাৱশ্যা নামি অহাৰ কথা ক'লে। আৰু ময়ূৰিকাৰ মংগলৰ বাবে ডিঙিত পিন্ধিবলৈ বুলি এটি ৰক্ষাকৱচ দি পঠিয়ালে। কিন্তু এদিন হঠাত্ সৌমিতা ঘৰৰ পৰা এক বিশেষ সকামত ওলাই যাবলৈ লওঁতে তাইৰ জীৱনৰ নিৰাপত্তাৰ বাবে ময়ূৰিকাই নিজৰ ডিঙিৰ পৰা মালাডাল খুলি সৌমিতাৰ ডিঙিত পিন্ধাই দিলে। লগে লগে যেন ভাগ্যই লুটি-বাগৰ মাৰিলে! দুয়ো যমজ ভগ্নীৰ জীৱনলৈ ঘোৰ বিপদ নামি আহিল! সময়ে কালৰূপ ধাৰণ কৰিলে! দুয়োগৰাকীৰ মাজৰ এগৰাকী ভগ্নী অম্বৰৰ হাতত অপহৃত হ'ল আৰু তাৰেই দুষ্ট বন্ধুবোৰৰ হাতত ধৰ্ষিতা হৈ তাই প্ৰাণ ত্যাগ কৰিলে! তাৰপিছতেই আৰম্ভ হয় প্ৰতিশোধৰ দাবানল! লেখকে এনেদৰেই আগবঢ়াই লৈ গৈছে উপন্যাসৰ কাহিনীভাগ। কাহিনীৰ শেষৰভাগ জানিবলৈ কিন্তু আপোনাকে 'ষ্টৰীটেল'ৰ জগতত বিচৰণ কৰিব লাগিব গতিকে আহক আমি একেলগে এই উপন্যাস পাঠ উপভোগ কৰোঁ ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €
Bester Preis
Ab 24,00 €