
জীৱনটোক অলপ বেলেগ ধৰনে সজাবলৈকে এদিন মহানগৰীত উপস্থিত হৈছিল কৃষ্ণ। প্ৰথমে এখন হোটেলত কাম আৰম্ভ কৰি পিছলৈ তামোল পাণৰ এখন সৰু ঘুমটি খুলিছিল। দুদিন পিছত তাৰ লগত বন্ধুত্ব ঘটিছিল বিকি আৰু ছমছেৰৰ। কাম তিনিওটাৰে বেলেগ বেলেগ। কিন্তু সিহঁতৰ বন্ধুত্ব অভিন্ন। কামৰ শেষত নিশা বহু দেৰিলৈকে সিহঁতে কেতিয়াবা কথা পাতি কটাই দিয়ে। এৰিব নোৱাৰে ইটোৱে সিটোক। কিন্তু হঠাতে সলনি হয় দৃশ্যপট। কৃষ্ণৰ জীৱনলৈ আহে ললিতা। কোন এই ললিতা? ললিতাৰ আগমনে সিহঁতৰ বন্ধুত্বলৈ কঢ়িয়াই আনিব নেকি কিবা বিপৰ্য্যয় ? কৃষ্ণ আৰু ললিতাৰ মাজৰ সম্পৰ্কই বা কি? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'কৃষ্ণ গহ্বৰৰ পৰা উদ্ধাৰৰ বাট'।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
* Affiliate-Link — kein Mehrpreis für dich.